অসমীয়া ডট্ অৰ্গ ( asomiya.org )-সম্পাদনা কক্ষ

স্বাগতম সুধীবৃন্দ,

আমি সকলোয়ে জানো ইন্টাৰনেট জগতত হওঁক অন্য মা...ধ্যমতে হওক অন্য ভাষাতকৈ অসমীয়া ভাষাৰ যিমান প্ৰসাৰ হ'ব লাগিছিল তাৰ চাৰিকুৰি শতাংশও প্ৰসাৰিত হ'ব পৰা নাই। কিন্তু কেইজনমান আগৰণুৱা, জাতীয়তাবাদী মনৰ ব্যক্তিৰ বাবে অতি ধীৰগতিৰে হ'লেও অসমীয়া ভাষা আগবাঢ়ি যাব ধৰিছে! ইয়াৰে এটা চাক্ষুস প্ৰমাণ ফেচবুকত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তি। যি কি নহওক আমাৰ প্ৰাণৰো প্ৰাণ এই মাতৃভাষাটিৰ উন্নতিৰ বাবে আমি একো এটা কৰিব নোৱাৰোনে! আহক আমি অসমীয়া ডট্ অৰ্গ নামৰ ৱেবচাইটিৰ জৰিয়তেই অসমীয়া ভাষাৰ উদগতিৰ অংশীদাৰ হওঁ। আপোনালোক প্ৰতিজনৰ পৰা দিহা পৰামৰ্শ সজোৰে কামনা কৰিলো।
ৱেবচাইটটিৰ উদ্দেশ্য কি হোৱা উচিত আৰু কি কি শিতান অন্তৰ্ভুক্ত হোৱা উচিত তাৰ সম্পূৰ্ণ আভাস আপোনালোকৰ পৰা পাম বুলি আশা ৰাখিলো।

আমাৰ উদেশ্য:

ক) অসমীয়া ভাষাক ইন্টাৰনেটৰ মাধ্যমেৰে বিশ্ব দৰবাৰত চিনাকি কৰিবৰ বাবে চেষ্টা ।‌
খ)ইন্টাৰনেটৰ ব্যৱহাৰকাৰি সকললৈ সাহিত্যৰ নৱ স্বাদ আৰু চিন্তাৰ খোৰাক দিয়াৰ এক প্ৰচেষ্‌টা ।
গ) নিজস্ব প্ৰতিভা প্ৰকাশৰ বাবে প্লেটফৰ্ম বিচাৰি ফুৰা নৱ প্ৰজন্মৰ সাহিত্যিক সকলক এখন মঞ্চ প্ৰদানৰ চেষ্টা ।
ঘ) ফেচবুকত নিৰৱে সাহিত্য চৰ্চা কৰি থকা উদ্যমী সাহিত্যিক সকলক উৎসাহ প্ৰদান কৰি এক বহল পৰিসৰত অসমীয়া সাহিত্যকৰ্মক প্ৰসাৰৰ চেষ্‌টা।
ঙ) সমাজৰ বিভিন্ন দিশত নিৰৱে অৱদান আগবঢ়াই থকা প্ৰচাৰবিমুখী মহান ব্যক্তি সকল জীৱনৰ আলোকপাত কৰি পাঠক তথা সমাজৰ আগত চিনাকি কৰাৰ চেষ্টা ।
চ) অসমীয়া ঐতিহ্য আৰু পৰম্পৰাক নৱ প্ৰজন্মৰ আগত দাঙি ধৰাৰ অভিনৱ চেষ্টা ।


অসমীয়া ডট্ অৰ্গলৈ লেখা প্ৰেৰণকৰ্তা হিচাপে আপোনাৰ কৰণীয়:

(ক) অনুগ্ৰহ কৰি সম্পূৰ্ণ অসমীয়া ভাষাত লেখা প্ৰেৰণ কৰক।

(খ) ইংৰাজী আখৰ ব্যৱহাৰ কৰি লিখা লেখা প্ৰকাশ কৰা নহ'ব।‌ ইউনিকোডত লিখি তাক ছবি হিচাপে পোষ্ট নকৰিব৷ ছবি আকাৰে দিয়া কোনো লিখা asomiya.orgৰ বাবে গ্ৰহণযোগ্য নহয়।

(গ ) কোনোধৰণৰ আপত্তিজনক বা আন কাৰোবাৰ ব্যক্তিত্বত আঘাত হানিব পৰা বিষয়ৰ লেখা দিয়াৰ পৰা বিৰত থাকি সৃষ্টিশীল ৰুচিসম্পন্ন বিষয়ৰ লেখাহে দিবলৈহে যত্‌ন কৰক ।

লেখক-লেখিকা সকলৰ উদ্দেশ্যে বিশেষভাৱে:

"অসমীয়া ডট্ অৰ্গ"ৰ বাবে প্ৰেৰণ কৰা সকলোবোৰ মৌলিক লেখা যাতে স্ব‌সৃষ্ট হয়।‌ অনুবাদ লেখা হ'লে "অনুবাদ লেখা" বুলি লিখিবলৈ নাপাহৰিব।‌ যদিহে ‌ কোনো লেখা কাৰোবাৰ নকল হয় তেনে তাৰ অসমীয়া ডটঅৰ্গ কতৃপক্ষ জগৰীয়া নহ'ব।‌ লেখাৰ লগত নিজৰ নাম, ঠিকনাৰ লগতে লেখাটি কি শিতানত অন্তৰ্ভুক্ত হোৱাটো বিচাৰে সেয়াও জনাব পাৰিব।‌ লেখক লেখিকা সকললৈ অনুৰোধ, তেওঁলোকে যাতে উক্ত কথাখিনি যোগাত্মক দৃষ্টিভংগীৰে গ্ৰহন কৰি "অসমীয়া ডট্ অৰ্গ"ক সকলো দিশতে সহায় সহযোগিতা আগবঢ়া‍ই যায়। সাহিত্যৰ পাৰাপাৰহীন সাগৰত আপোনাসৱৰ সৈতে আমাৰ এ‍ই সম্পৰ্ক সদায়ে‍ই মধুৰ হৈ থকাটো কামনা কৰিছোঁ। ধন্যবাদেৰে: ""
——————————————-

এই প্লেটফৰ্মত সকলোৰে লেখা দিয়াৰ অধিকাৰ আছে।
——————————————
আঁৰৰ ব্যক্তি/যোগাযোগ

অনন্ত নেওগ
Mob. No: +919957847783
Email Id: anantaneog@gmail.com
নীলিম নেওগ
Mob. No: +918486677997
Email Id: janardanneog1@hotmail.com
অসমীয়া ডট্ অৰ্গৰ যোগাযোগৰ ঠিকনাঃ

Email: asomiyaorg@gmail.com

মোবাইল যোগে পৰামৰ্শ তথা সহযোগিতাৰ বাবেঃ
+919957847783
+918486677997

ডমেইন হোষ্টিঙঃ অনন্ত নেওগ

প্ৰতিষ্ঠাপকঃ অনন্ত নেওগ, নীলিম নেওগ


-জয়তু অসম মাতৃ