ৰগৰ

অসমীয়া মানুহে হেনো প্রাণ খুলি হাহিঁব নাজানে। মোৰ অনা অসমীয়া বন্ধু এজনে কোৱা কথা। কথাটো অলপ দ কৈ চিন্তা কৰি চালোঁ। কথাটোৰ সত্যতা নথকা নহয়। অসমীয়াই হহাঁৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য জাতিৰ তুলনাত অলপ কৃপণ। ইয়াৰ কাৰণ ঐতিহাসিক,সামাজিক,ৰাজনৈতিক নাইবা আত্ম পৰিচয় হেৰুওৱাৰ আশংকা এইবোৰ তত্ত্বগধুৰ বিষয়লৈ আমি নাযাওঁ। আমি কেৱল জানো হহাঁটো স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্য ভাল থাকিলে মনো ভাল থাকে। গতিকে দৈনন্দিন ব্যস্ততাৰ মাজতো দুই এটা খুহুটীয়া কথাৰ মাজেৰে আহক চোন আমিও জীৱনটো উপভোগ কৰোঁ।


“ৰগৰ” গোটৰ বৃহত্ জনপ্ৰিয়তাৰ স্বাৰ্থত যাতে কোনো দুষ্ট চক্ৰই গোটৰ মান হানি কৰিব নোৱাৰে সেই উদ্দেশ্যেই গোটৰ কিছু নিয়মাৱলী সকলো সদস্যক সুচাৰু ৰূপে মানি চলিবলৈ অনুৰোধ জনোৱা হ’ল | নিয়মাৱলীসমূহ হ’ল -

১) ৰগৰৰ মূল মন্ত্ৰ (“জগৰ নলগাকৈ ৰগৰ কৰক”) আগতে ৰাখিহে সকলো সদস্যই পোষ্টসমূহ আগবঢ়াওক
২) Good Morning, Good Evening, Good Nite আদি পোষ্টেৰে ৰগৰৰ মজিয়া অশুৱনি নকৰে যেন | অন্যথা তেনেধৰণৰ পোষ্ট মচি দিবলৈ প্ৰশাসক বাধ্য হ’ব |
৩) অন্য গোটৰ বিষয়ে কটু মন্তব্য, সমালোচনা, বিজ্ঞাপণ দিয়া বা প্ৰচাৰ চলোৱাটো অবাঞ্ছনীয় |
৪) ৰগৰৰ বাহিৰে অইন পোষ্ট গ্ৰহণযোগ্য নহ’ব |
৫) ১৮+ বুলি কোনো ধৰণৰ পোষ্ট গ্ৰাহ্য নহব | সকলো পোষ্টেই যাতে পুৰুষ–মহিলা, ডেকা-বুঢ়া সকলোৱে আনন্দ ল’ব পাৰে তেনে পোষ্টহে গ্ৰাহ্য হ’ব |
৬) বিশিষ্ট ব্যক্তিসকলক লৈ যি ৰগৰ কৰা যায় তাত কোনো অবাঞ্ছিত বা বিতৰ্কমূলক মন্তব্যৰে ৰগৰৰ মজিয়া কলুষিত নকৰে যেন |
৭) অশ্লীল শব্দ বা ফটো প্ৰয়োগ কৰি কোনো ধৰণৰ পোষ্ট বা মন্তব্যৰে ৰগৰৰ মান হানি কৰিলে তেনে ধৰণৰ পোষ্ট বা মন্তব্য মোহাৰি দিয়াটো সকলো প্ৰসাশকৰে নৈতিক অধিকাৰ বুলি বিবেচিত হ’ব |
৮) প্ৰফাইল ফটো নোহোৱাকৈ কোনো ধৰণৰ সদস্যক ৰগৰত অন্তৰ্ভুক্ত কৰা নহ’ব |
৯) কোনো পোষ্ট বা মন্তব্যই যদি কোনো ব্যক্তিক আঘাত হানে তেন্তে তাত্ক্ষণিকভাৱে প্ৰশাসকবৃন্দক ব্যক্তিগতভাৱে অবগত কৰাওক আৰু তাৰ ওপৰত প্ৰশাসক সকলে পুংখানুপুংখভাবে বিশ্লেষণ কৰি ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ বাধ্য হ’ব |
১০) অইন ব্যক্তিৰ লিখনি পোষ্ট কৰিলে লিখনিৰ তলত “সংগ্ৰহ” বুলি লিখিবলৈ নাপাহৰে যেন | অন্যথা পোষ্ট মচি দিয়াৰ লগতে মূল লিখনিৰ ব্যক্তিজনৰ আগত পোষ্ট দিয়া ব্যক্তিজন জৱাবদিহি হ’ব লাগিব |
১১) প্ৰশাসক (admin)ৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচিত হ’ব |


--জীৱন যাপন নহয়, জীৱন উদযাপন আমাৰ লক্ষ্য --

>>"জগৰ নলগাকৈ ৰগৰ কৰক "<<

- প্রশাসক , ৰগৰ
২ ডিচেম্বৰ, ২০১১